Old school Swatch Watches

যিদিনাৰ পৰা সকলো হেৰুৱালোঁ
সিদিনাৰ পৰা নিষিদ্ধ হ'লোঁ

ধিক্ গণতন্ত্ৰ
ধিক্ মহাত্মা !!

যিদিনাৰ পৰা পিঠত দাগ
সিদিনাৰ পৰা অন্ধকুপত বাস !

(১৭ফেব্ৰুৱাৰী, ২০১৩)

ණ কামাৰুজ্জামান খান


অন্ধ গহ্বৰৰ পৰাই
দেখি থাকোঁ
নিৰন্ন বিষণ্ণতা
কুৰুৱাৰ পাৰৰ পৰা
ভাঁহি আহে
জাৰজ কুকুৰৰ
ভুক-ভূকনি !

আজি প্ৰথম হাতৰ পৰা
সৰি পৰিল মৃত্যুৰ চিৎকাৰ!
সৰি পৰিল বিষন্ন হাতিয়াৰ!!

চাল্লা বেইমান !

মোৰ প্ৰাক্তন প্ৰেমিকাৰ শিৰৰ সেন্দুৰ মচিব নোৱাৰাৰ দায়ত আজিৰ পৰা চিৰদিন দায়ী !!

(ৰচনাকাল: ১৭/০২/১৩/)

ණ কামাৰুজ্জামান খান


আমি সদায় অন্যায়ৰ প্ৰতিবাদ কৰিমেই

জনকণ্ঠক হেঁচা প্ৰয়োগ কৰি ৰুদ্ধ কৰাৰ অধিকাৰ কাৰো নাই

গণতন্ত্ৰক আমি শ্ৰদ্ধা কৰোঁ বাবেই
গণতান্ত্ৰিক প্ৰক্ৰিয়া
হাতত তুলি লওঁ

গণতন্ত্ৰই যেতিয়া ৰাইজৰ কণ্ঠ নিস্তেজ কৰিব বিচাৰে
তেতিয়া সেই গণতন্ত্ৰ শৈৰাচাৰীতন্ত্ৰত পৰিণত হয়

তেতিয়াই একো একোজন
বিষ্ণুপ্ৰসাদ ৰাভা
মাও চে তুং
আয়ুব অমৰ খান
নাজিম হিকমত
শেখ মজিবুৰ ৰহমান
পাবেলো নেৰুদা
প্ৰভাকৰণ
ফিডেল কাষ্ট্ৰ আদিৰ
জন্ম হয় !

(২১/০৪/১৩)

ණ কামাৰুজ্জামান খান